೫೫೫೫೫೫೫೫೫೫೫೫೫೫
@ অৰণ্য অভিমুখী
এজাক চৰাই ...... @

ডেউকাত বান্ধিলৈ
এটুকুৰাকৈ ৰঙা
অঙঠা
উৰা মাৰিলে এজাক
চৰাই ...

আকাশৰ পৰা
সৰি পৰিল
এমুঠি ছাঁই

সময় বাগৰিল...
য'ত ছাঁই পৰিছিল
সেই ঠাই মৰহি গ'ল

আকৌ এদিন
দেখা পালোঁ
সেই ছাঁইবোৰক
বুকুত বান্ধিলৈ
অৰণ্য অভিমুখী
এজাক চৰাই ...

ডিছেম্বৰৰ
কোনোবা এটা দুপৰীয়া
সেই দৃশ্য দেখি
এজন অকবিয়ে
হিজল গছত
ওলমি দিলে ...
೫೫೫೫೫೫೫೫೫೫೫೫೫೫

೫೫೫೫೫೫೫೫೫೫೫೫೫೫
"এদিন হ'লেও
তোমাক লগ পাম"

এদিন হ'লেও
তোমাক লগ পাম
কিবা এটা ঘটনা
কিম্বা দূর্ঘটনাৰ
সময়ত

হঠাৎ এদিন
তোমাক লগ পাম
এজনে আনজনৰ
চকুৰ ফালে
চকু তুলি চাম

হয়তো মোৰ ল'ৰাই তোমাৰ ছোৱালীৰ
প্ৰেমত পৰিব
নাইবা তোমাৰ ল'ৰাই
মোৰ ছোৱালীৰ
প্ৰেমত পৰিব

সিহঁতৰ মাধ্যমেৰেই কিজানিবা এদিন দুয়ো
দুয়োকে লগ পাম
তোমাৰ স্মৃতিত
তেতিয়া কলা বগা
ছবি হৈ ভাঁহি থাকিব অতীতৰ স্মৃতি

ময়ো বুকুৰ ভিতৰত
এটি পুৰণি গীত
গুণগুণাই
তোমাৰ কজলা
চকুলৈ চাই ৰ'ম

অথচ কোনেও
কাকো
একো ক'ব নোৱাৰি ভিতৰি ভিতৰি
আবেগৰ নদীত
সাঁতুৰি ফুৰিম !
೫೫೫೫೫೫೫೫೫೫೫೫೫೫

ණ কন্দর্পজিৎ কল্লোল





80s toys - Atari. I still have